অসম-নাগালেণ্ড সীমান্তত একাংশ মহিলাই বৰষুণত তিতি অৱৰোধ কৰিলে পথ - Artificial Flood In Sarupathar

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 7:24 PM IST

thumbnail
অসম-নাগালেণ্ড সীমান্তত একাংশ মহিলাই বৰষুণত তিতি অৱৰোধ কৰিলে পথ (ETV Bharat Assam)

সৰুপথাৰ ৩০ জুলাই: ৰাজ্যত উৎকট গৰমে দহিছে । ইয়াৰ মাজতে সৰুপথাৰত পুৱতি নিশা অহা এজাক বৰষুণেই কৃত্ৰিম বানৰ সৃষ্টি কৰিছে । সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বজাৰৰ সমীপৰ সোণালী নগৰৰ গাঁও বুৰিল কৃত্ৰিম বানত । বাসগৃহত সোমাল বৰষুণৰ পানী । নৈপৰীয়া নহ’লেও বানৰ কবলত পৰিল সোণালী গাঁৱৰ ৰাইজ ।

বজাৰখনৰ নলা-নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত বৰষুণৰ পানীতেই বুৰ যায় গাঁওখন । উৰিয়ামঘাট বজাৰৰ নলা-নৰ্দমা পৰিস্কাৰ তথা পানী ওলাই যোৱাৰ সু-পৰিকল্পিত ব্যৱস্থা নথকাৰ বাবে কৃত্ৰিম বানৰ কবলত পৰে অঞ্চলবাসী । এই সমস্যাৰ সমাধান বিচাৰি গাঁওখনৰ লোকসকল আহি উৰিয়ামঘাটৰ মূল পথ অৱৰোধ কৰে । উক্ত সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

গাঁওবাসীৰ এই প্ৰতিবাদৰ পাচতেই সীমান্ত দণ্ডাধীশ গাঁৱত উপস্থিত হৈ ঘটনাৰ বুজ লয় ।

লগতে পঢ়ক: পথ নিৰ্মাণৰ দাবীত মাণিকপুৰত ক্ষোভিত লোকৰ প্ৰতিবাদ - Protest for Road construction

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.