ব্য়স্ততাৰ মাজতো সৃষ্টিৰ তাড়না; মহিলা খনিকৰৰ হাতত প্ৰাণ পালে বিশ্বখনিকৰে - Vishwakarma Puja 2024

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 3:16 PM IST

thumbnail
মৃৎশিল্পী অনুপমা শৰ্মা (ETV Bharat Assam)

বাক্সা, ১৬ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ বৰমাৰ এগৰাকী বোৱাৰীয়ে সাজিছে বিশ্বখনিকৰৰ মৃন্ময় মূৰ্তি । ঘৰুৱা কামৰ ব্য়স্ততাৰ মাজতো বোৱাৰীগৰাকীৰ হাতত প্ৰাণ পাই উঠিছে বিশ্বকৰ্মাৰ মূৰ্তিয়ে । আন দহগৰাকী পেছাদাৰী শিল্পীয়ে সজাৰ দৰেই বিশ্বকৰ্মাৰ মূৰ্তি সাজিছে এইগৰাকী বোৱাৰীয়ে ।  

মঙলবাৰে ৰাজ্যজুৰি পালন হ’ব বিশ্বখনিকৰৰ পূজা । বিশ্বকৰ্মা পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃন্ময় শিল্পীসকলে মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে । ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ বৰমাৰ বোৱাৰী অনুপমা শৰ্মা । ওদালগুৰি জিলাৰ শিল্পী অনিৰুদ্ধ শৰ্মাৰ কন্যা অনুপমা শৰ্মাই সৰুৰে পৰাই দেউতাকৰ সৈতে মূৰ্তি নিৰ্মাণ কৰিছে ৷ শিল্পকৰ্মৰ লগত জড়িত ঘৰুৱা পৰিবেশৰ মাজতেই ডাঙৰ দীঘল হৈছে অনুপমা শৰ্মাই ৷  

সৰস্বতী, বিশ্বকৰ্মা, মনসা আদি পূজা আহিলেই আগতীয়াকৈ ঘৰখনত উখল-মাখলৰ পৰিবেশৰ সৃষ্টি হয় ৷ বৰ্তমান অনুপমা শৰ্মা নলবাৰী জিলাৰ বৰমাৰ বোৱাৰী ৷ ঘৰুৱা কাম কৰিও মূৰ্তি নিৰ্মাণৰ কাম কৰি গৈছে ৷ যেতিয়া মূৰ্তি বনাই ভাগৰুৱা হৈ পৰে অথবা কামত খেলি-মেলি হয় তেতিয়া দেউতাকক স্মৰণ কৰে । দেউতাকে ওপৰৰ পৰাই সহায় কৰে বুলি কয় অনুপমা শৰ্মাই ৷ পিতৃৰ হাতত ধৰি মূৰ্তি নিৰ্মাণ কৰা অনুপমা শৰ্মাই কেতিয়াও নকৰে ক্লান্তিবোধ  ।

লগতে পঢ়ক:বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী - Vishwakarma Puja 2024

থলুৱা মৃৎশিল্পীৰ মুখত নাই উৎসাহ ! সমাদৰ কমিছে কেঁচা মাটিৰ মূৰ্তিৰ - Vishwakarma Puja 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.