চৰাইদেউত আৰক্ষীৰ জালত মহিলা সুদখোৰ - Money lender arrested
🎬 Watch Now: Feature Video
Published : Mar 8, 2024, 6:50 PM IST
মৰাণ,৮ মাৰ্চ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইয়াৰ মাজতে চৰাইদেউৰ সাপেখাতীত সুদখোৰে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ৷ সুদলৈ লোৱা ধন ঘূৰাই নিদিয়াৰ বাবে এগৰাকী মহিলাক বনকৰা কামত লগাইছে সুদখোৰে । সুদখোৰৰ বাবে ৫ মাহ ধৰি ৫০ উৰ্ধৰ মহিলাগৰাকীক গুৱাহাটীত আবদ্ধ হৈ থকাৰ অভিযোগ কৰিছে পৰিয়ালে ।
সাপেখাতীৰ গোবিন্দপুৰ অঞ্চলৰ ৰত্না দে' নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ । বহুতৰ ঘৰ-মাটি দখল কৰাৰো অভিযোগ আছে মহিলা সুদখোৰগৰাকীৰ বিৰুদ্ধে । এই সন্দৰ্ভত সংবাদমাধ্যমত ধাৰাবাহিক বাতৰি পৰিৱেশনৰ অন্তত আৰক্ষীৰ জালত পৰিলে সুদখোৰ ৰত্না দে' । শুকুৰবাৰে চৰাইদেউৰ সাপেখাতী আৰক্ষীয়ে গোবিন্দপুৰ অঞ্চলৰ নিজৰ গৃহৰ পৰা ৰত্না দে'ক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :ৰহাত মহিলা সুদখোৰক আটক