ভগৱানৰ ৰূপত মাছুৱৈ: বৰাক নৈৰ পৰা জীৱন্তে উদ্ধাৰ এগৰাকী মহিলা - woman rescued alive from the river - WOMAN RESCUED ALIVE FROM THE RIVER
🎬 Watch Now: Feature Video


Published : Jul 7, 2024, 5:04 PM IST
শিলচৰ, 7 জুলাই : ‘‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ৷’’ - অসমীয়া সমাজত প্ৰচলিত এই আপ্ত বাক্যশাৰী আজি সঁচা বুলি প্ৰমাণিত হ’ল এগৰাকী মহিলাৰ ক্ষেত্ৰত ৷ উফন্দি উঠা বৰাক নৈৰ বক্ষৰ পৰা দেওবাৰে জীৱন্তে উদ্ধাৰ কৰা হয় এগৰাকী মহিলাক ৷ নাম অলি ৰাণী দে’ ৷
বিৱৰণি অনুসৰি, দেওবাৰে কাটিগড়া সিদ্বেশ্বৰ মন্দিৰৰ সমীপত বৰাক নৈত পূজা কৰিবলৈ গৈছিল অলি ৰাণী নামৰ মহিলাগৰাকীয়ে ৷ কিন্তু নৈৰ প্ৰৱল সোঁতে উটুৱাই লৈ যায় এই গৰাকী মহিলাক । তেনে সময়তে অলি ৰাণীৰ সন্মুখত সাক্ষাৎ ভগৱান হৈ থিয় দিলে কেবাগৰাকী মাছমৰীয়া ৷
ঘটনাস্থলীৰ পৰা পাঁচ কিলোমিটাৰ দূৰত কেবাজনো মাছমৰীয়াই পানীত উপঙি থকা অৱস্থাত প্ৰথমে মহিলাগৰাকীক প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে মাছমৰীয়া দলটোৱে পানীৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক ৷
পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত মাছমৰীয়াকেইজনে ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱায় মহিলাগৰাকীক । বৰ্তমান হাস্পতালতে চিকিৎসাধীন হৈ আছে মহিলাগৰাকী । উদ্ধাৰ মহিলাগৰাকী শিলচৰ দাস কলনীৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : ভৰা লুইতত সন্ধানহীন বান সাহায্য দিবলৈ যোৱা ৭ জনীয়া দলটোক উদ্ধাৰ - Assam Flood 2024