চিৰাঙত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ - Man Elephant conflict

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 6:01 PM IST

thumbnail
চিৰাঙত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ (ETV Bharat)

চিৰাং,১ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হস্তী-মানুহৰ সংঘাত অব্যাহত আছে । তাৰ মাজতে চিৰাং জিলাত বন্যহস্তীয়ে চলালে উপদ্ৰৱ । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ কুসুমদিছাত বন্যহস্তীয়ে নিশা উপদ্ৰৱ চলাই তিনিটা পৰিয়ালৰ ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ।

জানিব পৰা মতে দৰিদ্ৰ পৰিয়ালকেইটাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা পকীঘৰবোৰ হাতীয়ে ভাঙি থৈ যায় । এনে পৰিস্থিতিত গাঁওখনৰ সম্বলা মুচাহাৰী, বিছন বসুমতাৰী আৰু জাৰো নাৰ্জাৰীৰ পৰিয়ালকেইটা এতিয়া দিশহাৰা হৈ পৰিছে । হাতীয়ে তেওঁলোকৰ ঘৰৰ বিভিন্ন সামগ্ৰীও নষ্ট কৰে । লগতে বাৰীৰ কল, তামোল আদিও বন্যহস্তীয়ে খাই তহিলং কৰে ।

ভুক্তভোগী পৰিয়ালকেইটাই জনোৱা মতে নিশা প্ৰায় ২ মান বজাত হাতীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰে । এনে পৰিস্থিতিত ঘৰৰ ভিতৰত শুই থকা লোকসকলৰ হাতীৰ আক্ৰমণৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা পৰে । গাঁওখনৰ ৰাইজে অভিযোগ কৰা মতে ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায়ে ওলাই অহা বন্যহস্তীয়ে অঞ্চলটোত তাণ্ডৱ চলায় । কিন্তু এইক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে গাঁওখনৰ ৰাইজে । উল্লেখ্য যে বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো ।

লগতে পঢ়ক :হাতী-মানুহৰ সংঘাতত কিমান হাতী আৰু কিমান মানুহে হেৰুৱাইছে প্ৰাণ ? - MAN ELEPHANT CONFLICT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.