সাতগাঁও বজাৰত বনৰীয়া হাতীৰ ত্ৰাস : বগৰাই দিলে মটৰ চাইকেল, আগচি ধৰিলে চাৰিচকীয়া বাহন - Man Elephant Conflict

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 8:56 PM IST

thumbnail
সাতগাঁও বজাৰত বনৰীয়া হাতীৰ ত্ৰাস (ETV Bharat Assam)

গুৱাহাটী, ১৮ জুন: মহানগৰীৰ সাতগাঁৱত পুনৰ বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা দুটাকৈ বনৰীয়া হাতীয়ে সাতগাঁৱৰ বজাৰত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তী দুটাই সাতগাঁও বজাৰৰ পথৰ দাঁতিত ৰখাই থোৱা এখন বাইক, চাইকেলৰ ওপৰত আক্ৰমণ চলায় ।

আনকি বন্যহস্তী দুটাই সাতগাঁৱৰ পৰা নাৰেংগী অভিমুখে আহি থকা এখন চাৰিচকীয়া বাহন আগচি ধৰে । অৱশ্যে বনৰীয়া হাতী দুটাই বাহনখনৰ কোনো অনিষ্ট সাধন নকৰি ধীৰ-স্থিৰ খোজেৰে সাতগাঁও সেনা ছাউনিৰ দিশে গতি কৰে ৷ কিছু সময়ৰ পিচত ৰাজপথৰে খোজকাঢ়ি পুনৰ আমচাং অভয়াৰণ্যলৈ উভতি যায় বন্যহস্তী দুটাই ৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত প্ৰায়েই সাতগাঁও অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ ঘটা পৰিলক্ষিত হয় । ফলত সঘনাই বনৰীয়া হাতীৰ আগমক লৈ এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ।

লগতে পঢ়ক :  শুই থাকোতেই হাতীয়ে ভাঙি থৈ গ’ল ঘৰটো, বিপদত মৰিয়নীৰ এটা পৰিয়াল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.