ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ : গচকত পশুধনৰ মৃত্যু - Man Elephant Conflict

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:47 PM IST

thumbnail
বনৰীয়া হাতীৰ মুক্ত বিচৰণ (ETV BHARAT ASSAM)

ৰঙাপৰা, ৫ জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটা বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰাত আতংকিত হৈ পৰিছে ৰাইজ । ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰি গাঁৱত শুকুৰবাৰে পুৱাৰে পৰা বনৰীয়া হাতীটোৱে মুক্ত বিচৰণ কৰাত হাতীটোক বনাঞ্চলৰ দিশে খেদি নিবলৈ মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকল গাঁওখনত উপস্থিত হয় ।

ইফালে, হাতীটোক একাংশ লোকে ইফালৰ পৰা সিফালে খেদি থকাৰ ফলত হাতীটো খঙাল হৈ পৰে । ফলত হাতীটোৱে গাঁওখনত এৰাল দি থোৱা এটা ছাগলীক আক্ৰমণ কৰাত ছাগলীটোৰ মৃত্যু ঘটে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা অকলশৰীয়া বনৰীয়া হাতীটোক ৰাইজে প্ৰথমে খেদিবলৈ চেষ্টা কৰে যদিও ব্য়ৰ্থ হোৱাত বন বিভাগক খবৰ দিয়ে । উল্লেখ্য় যে ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীয়ে প্ৰায়েই মুক্ত বিচৰণ কৰি আহিছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.