আমচিং-যোৰাবাট বজাৰৰ দোকানে দোকানে গজৰাজৰ টহল

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 5:45 PM IST

thumbnail

গুৱাহাটী, 18 মাৰ্চ : ক্ৰমাৎ গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । শেহতীয়াকৈ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা সঘনাই ওলাই অহা বন্যহস্তীয়ে মহানগৰীৰ আমচিং যোৰাবাট অঞ্চলত প্ৰায়ে উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে । ব্যতিক্ৰম নহয় সোমবাৰৰ পুৱাও ৷

সোমবাৰে পুৱাৰ ভাগত আমচাং অভায়ৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে যোৰাবাটৰ বজাৰ এলেকাত কেবাঘণ্টা ধৰি উপদ্ৰৱ চলায় । বনৰীয়া হাতীটোৱে পুৱা প্ৰায় 10 বজাত আমচিং যোৰাবাট বজাৰত প্ৰৱেশ কৰি ভূৱন চন্দ্ৰ পালৰ পাল ষ্ট'ৰ নামৰ এখন গেলামালৰ দোকানৰ মূল দুৱাৰ ভাঙি চাউল, দালি, আটা আদি ভক্ষণ কৰে ৷

লগতে দোকানখনত থকা বিভিন্ন খাদ্য সামগ্ৰী নষ্ট কৰে । অতিষ্ঠ হৈ স্থানীয় ৰাইজে টিন বজাই, ফটকা ফুটাই হাতীটোক সেই স্থানৰ পঠিয়াই দিয়ে ৷ পৰৱৰ্তী সময়ত সেই হাতীটোৱে সাতগাঁও সেনা ছাউনী অভিমুখে গতি কৰে বুলি জানিব পৰা গৈছে ।

ইফালে উক্ত অঞ্চলত বনৰীয়া হাতীটোৰ সঘন আগমনক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷ এইক্ষেত্ৰত বন বিভাগক বিশেষ নজৰ দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মৰঙিৰ ফুলনি গাঁৱৰ ঘাইপথত বন্যহস্তীৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.