ৰেমলৰ পিচতে এইবাৰ আহি আছে মৌচুমী - weather forecast

By ETV Bharat Assamese Team

Published : May 30, 2024, 11:01 PM IST

thumbnail
ৰাজ্যলৈ পুনৰ বিপদঘণ্টা, ৰেমলৰ পিচতে এইবাৰ আহিল মৌচুমী (ETV BHARAT ASSAM)

মিৰ্জা, 30 মে’ : ৰাজ্যত ৰেমলৰ প্ৰভাৱ শেষ নৌহওঁতেই এই অসমত আগতীয়াকৈ মৌচুমী বতাহে প্ৰৱেশ কৰিছেহি ৷ কেৰালা ৰাজ্যৰ ওপৰেৰে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমত প্ৰৱেশ কৰিছেহি মৌচুমী বতাহে । যাৰ ফলত আগন্তুক পাঁচ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ জাৰি কৰা সতৰ্কতা অনুসৰি অহা 24 ঘন্টাৰ ভিতৰত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকনি আৰু ধাৰাসাৰ বৰষুণ অহাৰ সম্ভৱনা আছে । অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰত ধুমুহাৰ আকাংক্ষা নাই যদিও কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে ।

অহা 31 মে' আৰু 1 জুনত অসম, মেঘলয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকনি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অহা 2 জুন আৰু 3 জুনত উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা নাই যদিও অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকনি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।

লগতে পঢ়ক: কেইদিনমানলৈ চাটি-ফুটি কৰিব নালাগে গৰমত; বিজুলী-ঢেৰেকনিৰে আহিব বৰষা - Weather Forecast

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.