উভতি বৈছে মিছা নৈ : কলিয়াবৰত ন ন অঞ্চল জলমগ্ন - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 8:21 PM IST

thumbnail
কলিয়াবৰত ন ন অঞ্চল জলমগ্ন (ETV Bharat Assam)

কলিয়াবৰ,৯ জুলাই: হাতীমূৰা বান্ধ ভঙাৰ পিচত ব্ৰহ্মপুত্ৰৰ পানীৰে ওফন্দি পৰিছে কলঙৰ বুকু । কলিয়াবৰত উভতি বৈছে কলঙৰ উপ-নৈ মিছা । কলঙৰ খনন সম্পূৰ্ণ নোহোৱাকৈয়ে কলং বোৱাই নিয়াৰ হঠকাৰী সিদ্ধান্তৰ বাবে মিছা নৈ উভতি বোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে । ন-ন অঞ্চল জলমগ্ন হোৱাৰ বাবে একমাত্ৰ জলসম্পদ বিভাগয়েই দায়ী বুলি অভিযোগ কৰে ছাত্ৰ সন্থাই । ফলত কলঙত আহি সংযোগ হোৱা পাহাৰীয়া জুৰি মিছা নৈখনৰ পানীও ওফন্দিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।  

মিছা নৈৰ পানী কলঙৰে বৈ যোৱাৰ পৰিৱৰ্তে কলঙেদি বোৱা ব্ৰহ্মপুত্ৰৰ পানী মিছা নৈৰে উভতি ব'বলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । ফলত বাঢ়নী পানীত প্লাৱিত বৰালি গাঁও, দলগাঁও, দাৰিগজি আদি অঞ্চলৰ কৃষি পথাৰসমূহৰ লগতে বহুকেইটা বাসগৃহ । বাঢ়নী পানীত বুৰ গৈছে বৰালি গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বামুণী সংযোগী বালিবাট পথছোৱা । বিগত পাঁচদিনে পথটোৰে যাতায়ত ব্যাহত হৈ আছে । পথাৰৰ কাষৰ অঞ্চলসমূহৰ ঘৰ-দুৱাৰসমূহো মিছা নৈৰ বাঢ়নী পানীৰ কৱলত । এই ক্ষেত্ৰত সঠিক পৰিকল্পনা নোহোৱাকৈয়ে জলসম্পদ বিভাগে কলঙৰে ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিয়াৰ হঠকাৰী সিদ্ধান্তই কৃষিজীৱি ৰাইজলৈ বিপদ মাতিছে বুলি দাবী কৰে অঞ্চলটোৰ ৰাইজে । 

লগতে পঢ়ক: আজিৰ পৰা পুনৰ আৰম্ভ কমলাবাৰী-নিমাতী ফেৰী সেৱা - Majuli Ferry Service

১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024

কলিয়াবৰত বানৰ প্ৰলয় : ঔষধৰ টোপোলা লৈ শিবিৰে শিবিৰে চিকিৎসাকৰ্মীৰ দল - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.