বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ; আতংকিত নৈপৰীয়া - Assam flood 2024

By ETV Bharat Assamese Team

Published : May 31, 2024, 10:05 AM IST

thumbnail
কপিলী নৈৰ জলস্তৰ বৃদ্ধি (Etv bharat assam)

হোজাই, 31 মে’: বৃদ্ধি পাইছে হোজাই জিলাৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ জলস্তৰ ৷ পূৰ্বৰ তুলনাত জলস্তৰ বৃদ্ধি হোৱাত আতংকিত হৈ পৰিছে নৈপৰীয়া লোক । বৰষুণ আৰু খাদং বান্ধৰ 7 খনকৈ গেট খুলি দিয়াৰ বাবে লংকাৰ অকান্তু, ঠাইচুৱালী আদি অঞ্চলত ফেনে-ফোটোকাৰে কপিলী নৈৰ পানী বৃদ্ধি পাইছে বুলি স্থানীয় লোকে জনায় ৷

স্থানীয় লোকে মথাউৰি ভঙাৰ আশংকা নাই যদিও নৈৰ সমীপৰ মন্দিৰ, প্ৰাথমিক বিদ্যালয়ত কপিলী নৈৰ বাঢ়নী পানী সোমাইছে বুলি জনায় । সমান্তৰালভাবে ডবকা অঞ্চলৰ চাৰ্লক, বগৰী, নগঞাপাম, পশ্চিম বগৰী আদি অঞ্চলো প্লাৱিত কৰিছে বানে । মানুহৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় লোক । সম্প্ৰতি ডবকাৰ কেবাখনো অঞ্চলৰ লোকে ওখ ঠাইলৈ ঢাপলি মেলিছে ।

আনহাতে শস্যপথাৰো বানৰ কবলত পৰাত ক্ষতিগ্ৰস্ত হৈছে কৃষক ৰাইজ ৷ পথৰ ওপৰেৰে পানী বাগৰি যোৱাত বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়াত পৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: বানৰ তাণ্ডৱ : যোগাযোগ বিচ্ছিন্ন ডিমা হাছাও জিলাত - ASSAM FLOOD

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.