কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিচত প্ৰথমবাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত পবিত্ৰ মাৰ্ঘেৰিটা - Union Minister Pabitra Margherita - UNION MINISTER PABITRA MARGHERITA
🎬 Watch Now: Feature Video
Published : Jun 22, 2024, 8:30 PM IST
গুৱাহাটী, ২২ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্ৰিত্ব লাভ কৰাৰ পিচত শনিবাৰে প্ৰথমবাৰৰ বাবে উপস্থিত হয় বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত । পুৱাৰ ভাগতে দিল্লীৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাত কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰীগৰাকীক আদৰণি জনাই বিজেপি নেতা-কৰ্মীসকলে । পৰৱৰ্তী সময়ত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে নেতা-কৰ্মীসকলে তেওঁক উষ্ম আদৰণি জনায় ।
মন্ত্ৰী হিচাপে উপস্থিত হৈ অনুভব প্ৰকাশ কৰি কয়," মন্ত্ৰী হিচাপে কোনো নতুন অনুভৱ কৰা নাই । এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে দলত আছিলো আৰু আছো । দলে যি দায়িত্ব দিছে সেয়া পালন কৰিবলৈ চেষ্টা কৰিছো । কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লৈছো । কেনেদৰে বিভাগ পৰিচালনা কৰিম, কিবা কৰিম বুলি কোৱা এইবোৰ কথা এতিয়া অমূলক ।"