দিনতে পথত বিচৰণ বনৰজাৰ, দিশহাৰা বন বিভাগ - Tiger scare at Kaliabor

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 6:33 PM IST

thumbnail
দিনতে পথত বিচৰণ বনৰজাৰ; দিশহাৰা বন বিভাগ (ETV Bharat Assam)

কলিয়াবৰ, ১১ ছেপ্টেম্বৰ : বনৰজাৰ সন্ত্ৰাসত ত্ৰস্তমান কলিয়াবৰৰ এটা অঞ্চল । বুধবাৰে দিন-দুপৰতে শিলঘাট-জখলাবন্ধা গড়কাপ্তানি পথেৰে দৌৰ মাৰিলে প্ৰকাণ্ড ঢেকীয়াপতীয়া । পথৰ ওপৰত বনৰজাৰ বিচৰণত স্থৱিৰ হৈ পৰে যান-বাহনৰ চলাচল । ইফালে পথৰ ওপৰত বাঘ দেখি হৈ-চৈ ৰাইজৰ ।

কলিয়াবৰত ৩ টাকৈ প্ৰকাণ্ড বাঘে বিচৰণ কৰাত আতংকিত গঞা । বনকৰ্মীৰ সন্মুখৰে দৌৰ মাৰে বনৰজাই । ইফালে কলিয়াবৰৰ কামাখ্যা গাঁৱত পিঞ্জৰা স্থাপন বন বিভাগৰ । আনহাতে, সোণাৰিগাঁৱত শুকুৰবাৰে স্থাপন কৰা পিঞ্জৰা আঁতৰালে বন বিভাগে ।

উল্লেখ্য, বিগত পাঁদিনে বাঘ বন্দী নোহোৱাত সোণাৰিগাঁৱৰ পৰা কামাখ্যা গাঁৱলৈ বন বিভাগে স্থানান্তৰ কৰে পিঞ্জৰাটো । কামাখ্যা গাঁৱৰ চিত্ৰনলা বাগিচাত পিঞ্জৰা স্থাপন বন বিভাগৰ । অঞ্চলটোত অব্যাহত আছে ঢেকীয়াপতীয়াৰ সন্ত্ৰাস ।

বিগত দুসপ্তাহত ১২ টাৰো অধিক পশুধন নিধন কৰিছে বনৰজাই । ইফালে বাঘৰ সন্ত্ৰাসত দিকবিদিক হেৰুৱাইছে তিনিখনকৈ গাঁৱৰ ৰাইজে ।  

আনহাতে, ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণক লৈ কলিয়াবৰত এটা পথ বন্ধ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । কামাখ্যা গাঁৱৰ পৰা শিলঘাটৰ কামাখ্যা দেৱালয় সংযোগী তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ লোকনিৰ্মাণ বিভাগৰ পথটো বন্ধ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ । ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক :কেনে আছে 'বিস্ময় যুগ'ৰ স্ৰষ্টা ? - Bishmoy magazine
লগতে পঢ়ক :মৃতকৰ নামত ধন সংগ্ৰহ কৰি জালত পৰিল যুৱক - Fake Facebook Account

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.