thumbnail

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 7:53 PM IST

ETV Bharat / Videos

ওদালগুৰিত 448 কোটিৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ওদালগুৰি, 10 মাৰ্চ : বিকাশ যাত্ৰা কাৰ্যসূচীৰে ওদালগুৰিত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনৰ শিক্ষা, স্বাস্থ্য আদিকে ধৰি সামগ্ৰিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুঠ 448 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷  

ওদালগুৰিৰ ভেৰগাঁও ষ্টেডিয়ামত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্প জিলাখনলৈ উৎসৰ্গা কৰে ৷ পর্যটনথলী বগামাটি আৰু বৰনদী বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলক টংলা আৰু খৈৰাবাৰীৰে সংযোগ স্থাপন কৰিবলগীয়া, 132 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া 37 কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ আনহাতে কলাইগাঁৱত 25 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে তেওঁ ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে টংলা ৰে’লৱে লেভেল ক্ৰ’চিঙত ফ্লাই অভাৰসহ মঙলদৈ-ভূটিয়াচাং পথটো পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰে ৷ ইফালে আজিৰ অনুষ্ঠানতে ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ চাহ বাগিচাৰ বাবে 10 খন এম্বুলেন্স আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে ৷ 

লগতে পঢ়ক : শোণিতপুৰত 1,370 কোটিৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.