ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ডিফুত সন্মিলিত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ - USUKA protest

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 9:59 PM IST

thumbnail
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ডিফুত সন্মিলিত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ (ETV Bharat)

ডিফু, ২৫ জুলাই : কাৰ্বি আংলং জিলাৰ ডিফু নগৰত উত্তাল প্ৰতিবাদ । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ডিফু নগৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনে ৷ সন্মিলিত ছাত্ৰ সংগঠন চমুকৈ ইউ এছ ইউ কে এৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত শতাধিক সদস্যই বিজেপি আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিষদৰ সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

সংগঠনটোৰ মতে কাৰ্বি আংলং জিলাৰ উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষকৰ বহু পদ খালী হৈ আছে, ২০৮ খন প্ৰাথমিক বিদ্যালয় মাত্ৰ এগৰাকীকৈ শিক্ষকেৰে চলি আছে । আনহাতে জিলাখনত টেট উত্তীৰ্ণসকলক আজিও নিযুক্তি দিয়া হোৱা নাই বুলি সংগঠনটোৱে অভিযোগ কৰে । এনে পৰিস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গুণগত শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও সংগঠনটোৱে অভিযোগ কৰে ।

ইফালে চৰকাৰে সীমা সমস্যা সমাধান আৰু ডিফু মেডিকেল কলেজখনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ বাবে ছাত্ৰ সংগঠনটোৱে এই সকলো সমস্যা সমাধানৰ দাবী উত্থাপন কৰে । পৰিষদক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷ চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে ইয়াতকৈও ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :শিলচৰত জ্বলিল হিমন্ত বিশ্ব শৰ্মা-পীযুষ হাজৰীকা-নীতিশ কুমাৰৰ পুত্তলিকা - Youth Congress protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.