চাকমা হাজঙৰ সংস্থাপনে উজনি অসমৰ জনগাঁঠনি সলাব : উপমন্যু হাজৰিকা - UPAMANYU HAZARIKA REACTION
🎬 Watch Now: Feature Video
Published : Apr 24, 2024, 9:27 PM IST
তেজপুৰ, ২৪ এপ্ৰিল : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে চাকমা-হাজংসকলক অসমত সংস্থাপন দিয়াৰ মন্তব্যৰ কৰাৰ পিচতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে, "এতিয়ালৈকে অসমলৈ ঘটা বাংলাদেশী প্ৰব্ৰজনৰ প্ৰভাৱ প্ৰত্যক্ষৰূপত নামনি অসমত পৰিছে । কিন্তু এতিয়া অৰুণাচলত অস্থায়ীভাৱে বসবাস কৰা চাকমা-হাজংসকলক অসমলৈ স্থানান্তৰ কৰা নিৰ্ণয়ৰ প্ৰভাৱ সম্পূৰ্ণ উজনি অসমত পেলাব ৷ বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৰ জিলা তিনিচুকীয়া, লখিমপুৰ, চৰাইদেউ, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ লোকসকল এতিয়া সজাগ হোৱাৰ প্ৰয়োজন ।"
হাজৰিকাই লগতে কয়, "ইতিমধ্যে অৰুণাচল প্ৰদেশৰ পৰা যেতিয়া মিঞা লোকসকলক খেদি পঠাইছিল, সকলোকে লখিমপুৰৰ নাওবৈছাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিছিল ৷ যাৰ বাবে উজনি অসমত প্ৰথমবাৰৰ কাৰণে মিঞা সংখ্যাগৰিষ্ঠ বিধানসভা সমষ্টিৰ সৃষ্টি হয় ৷ ইফালে ৰূপহীহাটত মন্ত্ৰী পীযুষ হাজৰীকাই আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছে যে মিঞা লোকসকলক চৰ অঞ্চলত ভূমি আৱন্টন দিয়াৰ , ইয়াৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ মিঞা লোকসকলক খিলঞ্জীয়া হোৱাৰ পথ দেখুৱাই দিলে ।"