ৰঙিয়াৰ কৰ্টাখাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ - Dead Body Found

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:46 PM IST

thumbnail
ৰঙিয়াৰ কৰ্টাখাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ (Etv Bharat Assam)

ৰঙিয়া, ২২ জুন: ৰঙিয়াৰ কৰ্টাখাটৰ কেন্দুকোনা-ধুহি সংযোগী পথৰ কালভাৰ্টত শনিবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । কালভাৰ্টৰ পিটনিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো । শনিবাৰে দিনৰ ভাগত কেইগৰাকীমান মাছমৰীয়াই প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰে । এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক অতংকময় পৰিবেশে বিৰাজ কৰে ।

স্থানীয় লোকে লগে লগে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে । ইয়াৰ পাচতেই ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ইফালে অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰিবলৈ বহু লোকে ভিৰ কৰে । বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই । ইফালে পিটনিৰ তলত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাটো সহজভাৱে ল’ব পৰা নাই একাংশই । কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই হৈ যোৱাৰ সন্দেহ কৰিছে একাংশ লোকে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: প্ৰিন্স অৱ ৱেলচ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পুখুৰীত মৃতদেহ উদ্ধাৰ - Dead Body Found

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.