ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি দুই যুৱক নিখোজ হোৱাৰ সন্দেহ - Missing in Brahmaputra - MISSING IN BRAHMAPUTRA
🎬 Watch Now: Feature Video


Published : May 26, 2024, 8:46 PM IST
গুৱাহাটী, 26 মে’ : গুৱাহাটীৰ পানীখাইতিত অঘটন ৷ ব্ৰহ্মপুত্ৰ গা ধুবলৈ আহি দুই যুৱক নিখোজ হোৱাৰ সন্দেহ ৷ নিখোজ যুৱক দুজনৰ ম’বাইল ফোন দুটা ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে ৷ নিখোজ যুৱক দুজন নাৰেংগী- ফৰেষ্টগেট অঞ্চলৰ চিন্ময় পাঠক আৰু অৰ্জুন নাথ বুলি জানিব পৰা গৈছে ৷
পানীখাইতিৰ তামোলবাৰীত এই ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে নাৰেংগী-ফৰেষ্টগেট অঞ্চলৰ পৰা 9 জনীয়া যুৱকৰ দল এটি ফুৰিবলৈ আহিছিল পানীখাইতি অঞ্চললৈ ৷ পানীখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত যুৱক কেইজনে সুৰাপান কৰি ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ নমাৰ অভিযোগ উত্থাপন হৈছে ৷ তেনে সময়তে নিখোজ হয় দুই যুৱক ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পানীখাইতি আৰক্ষী ৷ লগতে এছ ডি আৰ এফ বাহিনীৰ লোকো উপস্থিত হৈছে ঘটনাস্থলীত ৷
লগতে পঢ়ক : বটদ্ৰৱা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুলৰ পৰিয়ালক প্ৰতাৰণা আজমলৰ - Batadrava Incident