বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু : তিনিজনৰ কথমপি প্ৰাণৰক্ষা - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 4:43 PM IST

thumbnail
বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু (ETV Bharat Assam)

গোলাঘাট, 4 জুলাই: ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বোকাখাত সমষ্টিত সংঘটিত হৈছে এক কৰুণ ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি বোকাখাত সমষ্টিৰ গৰৈমাৰী মাজগাঁৱত এখন টুলুঙা নাও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডুব গৈছে । নাওখনত 6 জন যুৱকে যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে । স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰে যুৱক কেইজনক । 

লগতে পঢ়ক: পানীময় ৰাজ্য; দৰঙত তিনি আৰু চৰাইদেউত দুজনৰ মৃত্যু - Assam Flood 2024

এই ঘটনাৰ ফলত দুজন যুৱকৰ মৃত্য়ু ঘটে ৷ মৃত যুৱক দুজনৰ নাম লাহন মাহিলী আৰু পাপলু দাস ৷ আন তিনিজন যুৱক ক্ৰমে ৰাজ দাস, মৌচম দাস আৰু দীপজ্যোতি মাহিলীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ । বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা যুৱক তিনিজন বিপদমুক্ত বুলি চিকিৎসকে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বেকী নৈৰ চৰত ২০ টা শিবিৰত ৬ হাজাৰ পশুধনসহ জলবন্দী ২০ হাজাৰ পৰিয়াল - Assam Flood 2024

উল্লেখযোগ্য যে, গোলাঘাট জিলাখনত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি হৈছে । ইয়াৰ পূৰ্বে সোমবাৰে গোলাঘাট জিলাৰ দেৰগাঁও চৰাই চাপৰি অঞ্চলত টুলুঙা নাৱেৰে ঘৰ অভিমুখে আহি থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকক ।

লগতে পঢ়ক: বানৰ কবলত বিলাসীপাৰা মহকুমাৰ ডেৰ শতাধিক গাঁও, জনপ্ৰতিনিধিয়ে ৰাইজলৈ পিঠি দিয়াৰ অভিযোগ - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.