বজ্ৰ পৰি দুই কিশোৰৰ মৃত্যু, গুৰুতৰভাৱে আহত দুই - Lightning Strike

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:51 PM IST

thumbnail
বজ্ৰ পৰি দুই কিশোৰৰ মৃত্যু, গুৰুতৰভাৱে আহত দুই (সাংবাদিক)

শিলচৰ, 2 মে’ : কাছাৰৰ ধলাইৰ গংগানগৰত বৃহস্পতিবাৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । বজ্ৰ পৰি দুই কিশোৰৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন দুই কিশোৰ ।

ঘটনা অনুসৰি, ধলাইৰ গংগানগৰত বৃহস্পতিবাৰে বিয়লি হঠাৎ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি আৰম্ভ হয় । সেই সময়ত পথত ঘূৰি ফুৰিছিল চাৰি কিশোৰে । ধুমুহা আৰু শিলাবৃষ্টিৰ পৰা ৰক্ষাৰ বাবে চাৰি কিশোৰ পথৰ কাষতে থকা এটা অপেক্ষাগাৰত আশ্ৰয় লয় । সেই সময়ত সেইস্থানত হঠাৎ বজ্ৰ পৰে ৷  বজ্ৰ পৰাৰ ফলত থিতাতে মৃত্যু হয় দুই কিশোৰৰ । লগতে গুৰুতৰ আহত হয় আন দুই কিশোৰ । আহতসকলক ততাতৈয়াকৈ স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । 

ইপিনে এই ভয়ংকৰ বজ্ৰপাতৰ ঘটনাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: নামৰূপত বজ্ৰপাতত এজনে হেৰুৱালে প্ৰাণ - lightning strike

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.