সাতগাঁও আৰক্ষীৰ জালত পৰা দুই ভূ-মাফিয়া জেললৈ - Land mafia sent to jail

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:59 PM IST

thumbnail
সাতগাঁও আৰক্ষীৰ জালত পৰা দুই ভূ-মাফিয়া জেললৈ (ETV Bharat Assam)

গুৱাহাটী,৪ মে': মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুই ভূ-মাফিয়াক শনিবাৰে আদালতে জেললৈ প্ৰেৰণ কৰে। শুকুৰবাৰে সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই ভূ-মাফিয়াক । ওৰেনিশা জেৰাৰ অন্তত শনিবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত দুই মাটিৰ দালালক আদালতৰ নিৰ্দেশ মৰ্মে প্ৰেৰণ কৰে জেললৈ । সাতগাঁওৰ বৰডাঙগুৰিৰ ইয়াজুল হক আৰু হাজো, হেলচাৰ হাফিজ আলীক শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ।

অভিযোগ অনুসৰি মাটিৰ দালাল দুটাই সাতগাঁওৰ নোৱাপাৰা অঞ্চলৰ তমিজ উদ্দীন আহমেদ নামৰ লোকজনৰ এডোখৰ ভূমি বলপূৰ্বকভাৱে বেদখল কৰি অন্য লোকক বিক্ৰী কৰিছিল । এই সন্দৰ্ভত ভুক্তভোগী তমিজ উদ্দিন আহমেদে সাতগাঁও থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মাটিৰ সমগ্ৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে মাটিৰ দালাল দুটাক । শনিবাৰে মাটিৰ দালাল দুটাক আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পিছত আদালতে জেললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে । 

লগতে পঢ়ক: অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ - Illegal Sand Mining In Jorhat

ধিঙত মাৰণাস্ত্ৰসহ এটা মাতব্বৰ গ্ৰেপ্তাৰ - Mission Against Land Mafia

মুখ্যমন্ত্ৰীৰ সুবাদত ভূ-মাফিয়াৰ কবলৰ পৰা ভূমি ঘূৰাই পালে অসহায় মহিলাই

পলাশবাৰীত ভূ-মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.