ওমলি থাকোতে পুখুৰীত পৰি কৰুণ মৃত্যু দুই শিশুৰ - Death by Drowning

By ETV Bharat Assamese Team

Published : May 19, 2024, 10:23 AM IST

thumbnail
ওমলি থাকোতে পুখুৰীত পৰি কৰুণ মৃত্যু দুই শিশুৰ (ETV Bharat Assam)

ধিং,১৯ মে': ধিঙৰ মৈৰাবাৰীত সংঘটিত হয় এক শোকাৱহ ঘটনা । পুখুৰীত পৰি কৰুণ মৃত্যু দুটিকৈ শিশুৰ । মৈৰাবাৰীৰ তাঁতীকটা গাঁৱৰ এটা পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিব লয় শিশু দুটিয়ে । মৃত শিশু দুটিৰ নাম ছাহেৰা খাতুন আৰু ছুমায়া খাতুন বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি শিশু দুটিৰ বয়স ৩ বছৰ আৰু ৫ বছৰ ।  

পিতৃ-মাতৃয়ে দিন হাজিৰা কৰি পোহপাল দিছিল দুই সন্তানক । স্থানীয় লোকে জনোৱা অনুসৰি মাতৃয়ে কামৰ তাগিদাত ওলাই যোৱাৰ সময়ত শিশু দুটিয়ে খেলি থকা অৱস্থাত ওচৰতে থকা এটা দ' পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱতি লয় । পৰৱৰ্তী সময়ত শিশু দুটিৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰাৰ পাছতে মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে । ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.