বগীবিল টোলগেটত খুন্দা মাৰি চূৰ্ণ-বিচূৰ্ণ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক - Road accident in Bogibeel Toll Gate - ROAD ACCIDENT IN BOGIBEEL TOLL GATE
🎬 Watch Now: Feature Video


Published : Jun 9, 2024, 10:17 PM IST
মৰাণ, 9 জুন : পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনে সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ দেওবাৰে ডিব্ৰুগড়ৰ বগীবিল টোলগেটত চালকৰ ভুলৰ বাবে এখন চিলিণ্ডাৰ ভৰ্তি বাহন দুৰ্ঘটনাত পতিত হয় ৷ টোলগেটত খুন্দা মৰাৰ ফলত চূৰ্ণ-বিচূৰ্ণ হয় চিলিণ্ডাৰভৰ্তি ট্ৰাকখন ৷ উল্লেখ্য যে, এন এল 02 এন 7660 নম্বৰৰ ট্ৰাকখন তিনিচুকীয়াৰ মাকুমৰ পৰা লখিমপুৰলৈ গৈ আছিল ৷
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰাকখনৰ হেণ্ডিমেনজন ৷ ইতিমধ্যে তেওঁক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷ দুৰ্ঘটনাস্থলীত লেপেটকটা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ জানিব পৰা মতে, টোলগেটতে সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত কিছু পৰিমাণে তাত উপস্থিত থকা ৰাইজে শংকা অনুভৱ কৰে ৷ কিয়নো চিলিণ্ডাৰ সমূহৰ পৰা যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি ৷
লগতে পঢ়ক: মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন - MAJULI BOAT ACCIDENT