চলন্ত বাহনৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ : কথমপি ৰক্ষা পৰিল যাত্ৰী - Golaghat accident - GOLAGHAT ACCIDENT
🎬 Watch Now: Feature Video


Published : Jun 20, 2024, 7:03 PM IST
গোলাঘাট, ২০ জুন : গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী তিনিআলিত ভয়ংকৰ দুৰ্ঘটনা । চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা । উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে । যাৰ ফলত গছৰ গুৰিৰ মাটিবোৰ কোমল হৈ গছজোপা উভালি পৰে বুলি সন্দেহ কৰা হৈছে ।
ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন বাহনৰ ওপৰতে গছজোপা বাগৰি পৰে । এই দুৰ্ঘটনাৰ ফলত প্ৰায় ৩০ মিনিটৰ অধিক সময় ধৰি পথটোত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে । পিচত বোকাখাতৰ যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত গছজোপা কাটি ঘাইপথটো মুকলি কৰে । দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই ।