কিদৰে ৰৈ থাকে অসমীয়া! অৰুণাচলতো ৰক্ষা কৰা হ’ল বিহুৰ পৰম্পৰা - Bihu in Arunachal Pradesh - BIHU IN ARUNACHAL PRADESH
🎬 Watch Now: Feature Video


Published : Apr 14, 2024, 10:34 PM IST
নিউজ ডেস্ক, 14 এপ্ৰিল: বহিঃৰাজ্যত থাকিলেও হেঁপাহৰ বিহুটি উদযাপন নকৰাকৈনো কিদৰে থাকিব অসমীয়া! কৰ্মৰ তাড়নাত আপোন ঘৰখনৰ পৰা বহু দূৰৈত থাকিলেও বিহুৰ দিনটোত পৰম্পৰা ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে প্ৰতিগৰাকী অসমীয়াই ৷
দেওবাৰে অসমীয়াই উদযাপন কৰিলে সাতবিহুৰ অন্তৰ্গত মানুহ বিহু ৷ যিদৰে মানুহৰ বিহুৰ দিনটোত অসমত পুৱা গা ধুই জ্যেষ্ঠজনক সেৱা কৰি নামঘৰলৈ বুলি ওলাই যোৱা হয়, একেই পৰিৱেশ দেখা গ’ল অৰুণাচল প্ৰদেশৰ টাৱাঙত ৷ কৰ্মব্যস্ততাৰ বাবে ঘৰখলৈ যাব নোৱৰা অসমীয়াসকল দেওবাৰে একগোট হ’ল টাৱাঙত ৷ একেলগে উদযাপন কৰিলে হেঁপাহৰ বিহুটি ৷
উল্লেখ্য যে 1985 চনতে অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগিতাত টাৱাঙত প্ৰতিষ্ঠা কৰা হৈছিল এটা নামঘৰ ৷ সেই নামঘৰটোতে ধৰ্মীয় কাম-কাজসমূহ কৰি আহিছে বৃহত্তৰ অসঞ্চলটোত বাস কৰা অসমীয়াসকলে ৷ দেওবাৰে মানুহৰ বিহুৰ দিনটোতো সকলো অসমীয়া একত্ৰিত হ’ল নামঘৰটোত ৷ সকলোৱে একেলগে ভগৱানৰ ওচৰত প্ৰাৰ্থনী কৰিলে বছৰটো যাতে ভালে-কুশলে যায় তাৰ বাবে ৷
একেদৰে কান্ধত ঢোল লৈ বিহুও জুৰিলে ডেকাৰ পৰা বয়োজ্যেষ্ঠগৰাকীলৈকে ৷ মহিলাসকলেও সকলো প্ৰকাৰে বিহুৰ পৰম্পৰা ৰক্ষাত ব্যস্ত হৈ পৰা দেখা গ’ল বিহুৰ দিনটোত ৷
লগতে পঢ়ক: শিবিৰত হুঁচৰি জুৰিলে আলফা(স্বা)ই: প্ৰেৰণ কৰিলে ভিডিঅ’