২৯ জুলাইৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা তিৱা যুৱ-ছাত্ৰ পৰিষদৰ - Tiwa Youth Students Council - TIWA YOUTH STUDENTS COUNCIL
🎬 Watch Now: Feature Video
Published : Jul 23, 2024, 10:25 PM IST
মৰিগাঁও, ২৩ জুলাই: মধ্য অসমৰ ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া মৌলিক সমস্যাসমূহ সমাধানৰ দাবীত আগন্তুক ২৯ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে তিৱা যুৱ ছাত্ৰ পৰিষদে । মঙলবাৰে তিৱা যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে কেন্দ্ৰীয় নেতৃত্বই ৷ সংবাদমেলত পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই ২০২৩ চনৰ সমষ্টি সীমা নিৰ্দ্ধাৰণত বিসংগতি হৈ থকাৰ বিষয়ে উল্লেখ কৰি তিৱা জনগোষ্ঠীটোৰ বাবে এখনো আসন সংৰক্ষণ নকৰাৰ গুৰুতৰ অভিযোগ কৰে । একেদৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চৰকাৰক সমষ্টিত সীমা বিসংগতি দূৰ কৰিবলৈ দাবী জনায় ।
পৰিষদে মঙলবাৰে ঘোষণা কৰা প্ৰতিবাদী কাৰ্যসূচী অনুসৰি ২৯ জুলাইত তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব । ইয়াৰ পাচত তেওঁলোকে আগষ্ট মাহত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব । ছেপ্টেম্বৰত ৰে’লপথ অৱৰোধ আৰু ছেপ্টেম্বৰৰ শেষৰফালে জোৰ সমদল বাহিৰ কৰাৰ সিদ্ধান্ত লয় ৷ তেওঁলোকে লগতে তিৱা স্বায়ত্ত পৰিষদলৈ আন পৰিষদৰ তুলনাত বছৰি ক'ত পুঁজি আবন্টন দিয়া বুলি উল্লেখ কৰি পৰিষদলৈ অধিক পুঁজি মোকলাই তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ আধাৰত ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনায় ৷
লগতে পঢ়ক: নিৰীহ মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্য়া কৰাৰ অভিযোগ : প্ৰতিবাদত উত্তাল কাছাৰ - Hmar militants killed