কা-ৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাজপথত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গৰ্জন - Protest Against CAA - PROTEST AGAINST CAA
🎬 Watch Now: Feature Video


Published : Jul 18, 2024, 5:21 PM IST
তিনিচুকীয়া, ১৮ জুলাই : তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (AJYCP) আহ্বানমৰ্মে বৃহস্পতিবাৰে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
বৃহস্পতিবাৰে দিনৰ ভাগত AJYCP ৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই নিজা কাৰ্যালয়ৰ সমীপৰ পৰা চহৰখনৰ জি এন বি পথলৈ বাহিৰ কৰে এক সমদল ৷ প্ৰতিবাদৰ সময়ত শতাধিক প্ৰতিবাদকাৰীয়ে কা আমি নামানো, বিজেপি হায় হায়, হিমন্ত বিশ্ব শৰ্মা গ’ বেগ, AJYCP লং লীভ, জয় আই অসম আদি শ্ল’গান দি উত্তাল কৰি তোলে চহৰৰ ৰাজপথ ৷ সমান্তৰালভাৱে অতিশীঘ্ৰে কা বাতিল নকৰিলে ২০২৬ চনত চৰকাৰখনক এসেকা দিয়াৰ কথাও উল্লেখ কৰে সংগঠনটোৱে ৷
লগতে পঢ়ক : 'কা'ৰ বিৰুদ্ধে আছুৰ ৰণ হুংকাৰ : ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ - Protest Against CAA