তিনিচুকীয়াত আছু সদস্যই দাহ কৰিলে কা ৰ প্ৰতিলিপি

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 9:36 PM IST

thumbnail

তিনিচুকীয়া, ১১ মাৰ্চ : ৰাজ্যত কা বিৰোধী প্ৰতিবাদ চলি থকাৰ মাজতে আহিল সেই খবৰটো ৷ সোমবাৰৰ পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন ৷ কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷ নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পাচতেই জ্বলিছে অসম ৷

ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে তিনিচুকীয়া জিলা আছুৱে ৰাজপথত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত কা আমি নামানো, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, বিজেপি গ’ বেগ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীয়ে ।

উল্লেখ্য যে, সমগ্ৰ অসমতে ধাৰাবাহিকভাৱে চলি আছে কা বিৰোধী আন্দোলন ৷

লগতে পঢ়ক : আজিৰে পৰা দেশজুৰি বলবৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.