বাঘৰ আতংকত ভুগিছে কলিয়াবৰবাসীয়ে - Tiger scare in Kaliabar - TIGER SCARE IN KALIABAR
🎬 Watch Now: Feature Video
Published : May 8, 2024, 10:25 PM IST
কলিয়াবৰ,৮ মে': বন্য জীৱ-জন্তুৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল । কেতিয়াবা যদি বন্যহস্তী আন কেতিয়াবা আকৌ বনৰীয়া ম'হৰ উপদ্ৰৱ । এইবাৰ বাঘৰ আতংকত ভুগিছে কলিয়াবৰবাসীয়ে । বিগত দিনকেইটাত ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যত চৰি থকা গো-ধন নিধন কৰে বাঘে । যাক লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত কলিয়াবৰৰ আমগুৰিত বিৰাজ কৰিছে বাঘৰ আতংক ।
অৱশ্যে বাঘটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ অৰণ্যতে বিচৰণ কৰি আছে বুলি সদৰী কৰে বনাঞ্চলিক বিষয়াই । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চৰি থকা গো-ধন ভক্ষণ কৰিবলৈ বাঘটো ওলাই অহাৰ তথ্যও লাভ কৰে বুলি জানিবলৈ দিয়ে । এই সন্দৰ্ভত বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে উদ্যানৰ ভিতৰলৈ গো-ধনসমূহ চৰিবলৈ এৰি নিদিবলৈ ৰাইজক আহ্বান জনায় । প্ৰত্যেকজন গৰাকীয়ে নিজৰ পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাৱধান হ'বলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই বনাঞ্চলিক বিষয়াগৰাকীয়ে ।