ইটোৰ পাছত সিটো উপায় বন বিভাগৰ, তথাপিও বাঘ ঘূৰিয়েই আছে - TIGER MENACE IN KALIABOR
🎬 Watch Now: Feature Video


Published : Oct 28, 2024, 3:57 PM IST
কলিয়াবৰ: দেওবাৰে কলিয়াবৰৰ ১ নং হাতীমূৰাত হঠাতে এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় । পথাৰত এৰাল দিয়া ছাগলী নিধন কৰা বাঘ খেদিবলৈ চেষ্টা একাংশ লোকৰ । পেঁপা বজাই, ফটকা ফুটাই বনৰজাক খেদাৰো চেষ্টা কৰে একাংশ লোকে । ইফালে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ বাঘ খেদাৰ প্ৰচেষ্টাত সহযোগ কৰে ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে, অঞ্চলটোত দুটা বাঘ অহৰহ ঘূৰি ফুৰিছে ৷ দুদিন পূৰ্বে ঢেকীয়াপতীয়া বাঘে অঞ্চলটোৰ এজনী খীৰতী গাই নিধন কৰে । ৰাইজৰ দাবী, বাঘকেইটা ঘন জনাঞ্চলৰ পৰা লৈ যাব লাগে, নহ’লে দিনতে বাহিৰলৈ ওলাবলৈ ভয় হৈছে অঞ্চলবাসীৰ ৷ স্কুললৈ যাবলৈ ভয় হৈছে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ । ইফালে বাঘক খেদিবলৈ বন বিভাগে গ্ৰহণ কৰা সকলো পদক্ষেপ বিফল হৈছে ৷