হাতীজান চাহ বাগিচাত বাঘৰ ত্ৰাস, গুৰুতৰভাৱে আহত মহিলা শ্ৰমিক - বাঘৰ ত্ৰাস
🎬 Watch Now: Feature Video


Published : Feb 22, 2024, 4:42 PM IST
মৰাণ, 22 ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বাঘৰ ত্ৰাস ৷ সন্ধিয়া হ'লেই ঘৰৰ পৰা ওলাব নোৱৰা হৈছে ৰাইজ। দিন দুপৰতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি বাঘে আতংকৰ সৃষ্টি কৰিছে ৷
বৃহস্পতিবাৰে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজানৰ হাতীজান চাহ বাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা শ্ৰমিক । আহত মহিলাগৰাকী হাতীজান চাহ বাগিচাৰ ৪ নং লাইনৰ বাসন্তী তাঁতী বুলি জানিব পাৰি গৈছে । বাগিচাত পাত তুলি থকা অৱস্থাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আক্ৰমণ কৰে মহিলাগৰাকীক। বৰ্তমান মহিলাগৰাকীক বাগিচাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ঘটনাৰ পাচতে অঞ্চলটোত বাঘৰ আতংকত কম্পিত হৈছে লোকসকল ৷ সম্প্ৰতি মহিলাগৰাকী সুস্থ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: এটা পচা আলুৰ বাবে কংগ্ৰেছ দল গেলিছে: ৰূপজ্যোতি কুৰ্মী