ব্ৰহ্মপুত্ৰত ই-ৰিক্সাসহ উটি গ'ল তিনি যুৱক : এজনক জীৱিত অৱস্থাত উদ্ধাৰ - Missing In Brahmaputra

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 12:46 PM IST

thumbnail
পানীখাইতিত শোকাবহ ঘটনা (ETV BHARAT ASSAM)

গুৱাহাটী, ১ জুলাই : গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী পানীখাইতিত দেওবাৰে নিশা সংঘটিত হৈছে এক শোকাবহ ঘটনা । বোন্দাৰ পৰা পানীখাইতি-ৰাজাবাৰী পথৰে নাৰেংগী অভিমুখে আহি থকা তিনি যুৱক ই-ৰিক্সাসহ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি যায় । ইয়াৰে এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰে যদিও আন দুজন ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত সন্ধানহীন হয় ।

যুৱক তিনিজনৰ ঘৰ সাতগাঁৱত । ইয়াৰে ধন দৈমাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে দীপ পাঠকৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে । বৰ্তমানো বাবুল নামৰ যুৱকজন সন্ধানহীন হৈ আছে । বোন্দাত ই-ৰিক্সা মেৰামতি কৰি তেওঁলোকে বাজাবাৰী-পানীখাইতি পথেৰে নাৰেংগী অভিমুখে আহি আছিল ।

দেওবাৰে সন্ধিয়া ব্রহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ যায় এই পথটো । ফলত নিশা যুৱককেইজনে পথটোৰ সঠিক দিশ অনুমান কৰিব নোৱৰাত ই-ৰিক্সাসহ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি যায় । পানীত উটি যাব ধৰা যুৱক তিনিজনৰ এজনক স্থানীয় লোকে তৎপৰতাৰে উদ্ধাৰ কৰে যদিও আন দুজনৰ সন্ধান ওলোৱা নাছিল ।

যোৱা নিশাৰ ভাগতেই উদ্ধাৰকাৰী দলে দ্বীপ পাঠকৰ মৃতদেহ উদ্ধাৰ কৰে । সোমবাৰে পুনৰ নিখোজ বাবুলৰ সন্ধানত ব্রহ্মপুত্রত এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন - MAJULI BOAT ACCIDENT

ব্ৰহ্মপুত্ৰত নিখোজ অৰ্জুন নাথৰ মৃতদেহ উদ্ধাৰ : পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ - Missing In Brahmaputra

ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি দুই যুৱক নিখোজ হোৱাৰ সন্দেহ - Missing In Brahmaputra

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.