সুদখোৰৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছে এটা পৰিয়ালে - Illegal Money Lender

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 10:57 PM IST

thumbnail
গোলাঘাটত সুদখোৰৰ আতংক (ETV Bharat Assam)

গোলাঘাট, ২৯ জুলাই: চৰকাৰে সুদখোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজ্য়ত অব্য়াহত এনে লোকৰ দপদপনি ৷ সুত পৰিশোধ কৰিব নোৱাৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনাও সংঘটিত হৈ আহিছে ৷ আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতেই গোলাঘাটৰ ডিম্পু ওৰফে আৰিফুল হক নামৰ এটা সুদখোৰৰ বিৰুদ্ধে উত্থাপিত হৈছে মুকলি গুন্দাগিৰি কৰাৰ অভিযোগ ৷ নিৰাপত্তা বিচাৰি এতিয়া তেওঁ আৰক্ষীৰ ওচৰ চাপিবলগীয়া হৈছে ।  

এই সন্দৰ্ভত ভুক্তভোগী আতিকুৰ হুছেইনে অভিযোগ উত্থাপন কৰি কয়,"এবছৰ পূৰ্বে ব্যৱসায়ৰ বাবে গোলাঘাটৰ উদয়নগৰৰ ডিম্পুৰ পৰা ৪৫ হাজাৰ টকা সুতত লৈছিলো । সেই টকা সুতে মূলে ঘূৰাই দিয়াৰ পিচতো ডিম্পুৱে মোৰ পৰিয়ালটোৰ ওপৰত চলাই আহিছে মানসিক নিৰ্যাতন ৷ যাৰ বাবে দুমাহ ধৰি ঘৰৰ পৰা পলাই থকাৰ লগতে পৰিয়ালৰ লোক নিৰাপত্তাহীনতাত ভুগি আহিছে ৷ ঘৰত তলামাৰি পৰিয়ালসহ পলাই ফুৰিছো । জামাল নামৰ এজনে নিশা গৈ আমাক হত্য়াৰ ভাবুকি দিছে । "

লগতে পঢ়ক:সুদখোৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান; 9 সুদখোৰক গ্ৰেপ্তাৰ

গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; উদ্ধাৰ আপত্তিজনক নথিপত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.