আৰম্ভ হ'ল ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱ ২০২৪ - DHEMAJI BOOK FAIR 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/640-480-22768515-thumbnail-16x9-keshab.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 26, 2024, 6:57 PM IST
ধেমাজি: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাৰ সহযোগত আজিৰে পৰা ৩ নৱেম্বৰলৈ বৰ্ণিল কাৰ্যসূচীৰে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷ ২৬ অক্টোবৰ অৰ্থাৎ আজি প্ৰথমদিনৰ কাৰ্যসূচী অনুসৰি দিনৰ ১১ বজাত গ্ৰন্থ উৎসৱৰ দ্বাৰ উদঘাটন কৰা হয় ৷
মংগল উৰুলিৰ মাজত প্ৰৱেশদ্বাৰৰ ফিটা কাটে ধেমাজিৰ সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷ ইয়াৰ পিছতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰাৰ পাছত এশগৰাকী যুৱতীৰ দ্বাৰা ছাত্ৰ সন্থাৰ শ্বহীদ প্ৰণামো গীত পৰিৱেশন কৰা হয় ৷ দুপৰীয়া ১২বজাত তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ধেমাজি নগৰৰ মাজেৰে বৰ্ণাঢ্য গ্ৰন্থ শোভাযাত্ৰা উলিওৱা হয় ৷
লগতে পঢ়ক: ধেমাজি গ্ৰন্থ উৎসৱ : মুঠ ৬৫ টা প্ৰকাশন প্ৰতিষ্ঠান-পুথি বিক্ৰেতাই অংশ ল’ব