thumbnail

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:29 AM IST

ETV Bharat / Videos

চালকে শুই থকাৰ সুবিধা লৈ ডিজেলসহ উধাও চোৰ - theft incident

ৰঙিয়া, 3 জুন : ৰঙিয়াৰ উদিয়ানাত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । ৰৈ থকা টেংকাৰৰ পৰা চুৰি হ’ল 300 লিটাৰ ডিজেল । ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত অৱস্থিত গুৰু গোবিন্দ ধাবাৰ সন্মুখত লিঠানল কঢ়িয়াই অনা GJ 12 BY 9177 নম্বৰৰ টেংকাৰখন ৰখাই টোপনি গৈছিল চালকজন ।

সেই সময়তে ৰৈ থকা টেংকাৰখনৰ টেংকীৰ পৰা কোনো দুৰ্বৃত্তই চুৰি কৰে প্ৰায় 300 লিটাৰ ডিজেল । পুৱা চালকজনে উঠি দেখে ডিজেলৰ টেংকীৰ এটাফালে ডিজেল লাগি আছে । পিচত চালকজনে পৰীক্ষা নিৰীক্ষা কৰি নিশ্চিত হয় যে ৰৈ থকা টেংকাৰখনৰ পৰা প্ৰায় 300 লিটাৰ ডিজেল চুৰি কৰি নিছে । 

নামৰূপৰ পৰা লক্ষৌলৈ গৈ আছিল টেংকাৰখন ৷ এই ঘটনাৰ পিচতে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে চালকজন । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ইফালে আৰক্ষীয়ে গুৰু গোবিন্দ ধাবাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ দিশত ডিজেলৰ টেংকী থকা বাবে কোনে চুৰি কৰিছে সেয়া প্ৰমাণ পোৱা নগ’ল । যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে পুনৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: মেলেৰিয়া নিৰ্মূলকৰণৰ কৌশলত সহায় কৰিবলৈ ভাৰতীয় চিকিৎসা সংস্থাক আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ - Malaria Eradication Strategy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.