ৰঙিয়াৰ বাৰাংহাটীত টেলিফোন টাৱাৰত চুৰি: গ্ৰেপ্তাৰ দুই - Theft Incident In Rangia

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 2:49 PM IST

thumbnail
টেলিফোন টাৱাৰত চোৰৰ সন্ত্ৰাস (ETV Bharat Assam)

ৰঙিয়া, ৩১ জুলাই: ৰঙিয়াৰ বাৰাংহাটীত টেলিফোন টাৱাৰ চোৰৰ সন্ত্ৰাস । চোৰৰ সন্ত্ৰাসৰ বাবে 5G নেটৱৰ্কৰ পৰা বঞ্চিত বৃহত্তৰ অঞ্চলৰ ৰাইজ । মঙলবাৰে নিশা ১.৩০ বজাত বাৰাংহাটী মিলিজুলি চ'কত থকা এয়াৰটেল টাৱাৰত থকা 5G নেটৱৰ্কৰ আৰ আৰ অ' চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিল দুটা গভাইত চোৰ । বাৰাংহাটী (পূৱ)গাঁৱৰ মেহবুব আৰু হবিবে নিশা টাৱাৰত উঠি আৰ আৰ অ' চুৰিৰ চেষ্টা কৰাৰ সময়তে টাৱাৰৰ দায়িত্বত থকা কৰ্মচাৰীয়ে হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

আনহাতে,ৰঙিয়াৰ ডোবক গাঁৱৰ জনৈক আব্দুলৰ নিৰ্দেশতে আৰ আৰ অ' চুৰি কৰিবলৈ অহা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে চোৰ দুটাই । পূৰ্বেও এই টাৱাৰটোৰ পৰা বিভিন্ন সময়ত ভিন্ন সামগ্ৰী চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে টাৱাৰৰ কৰ্মচাৰীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত টাৱাৰ কৰ্তৃপক্ষই কঁঞা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি গভাইত চোৰ মেহবুব আৰু হবিবক গতাই দিয়ে আৰক্ষীক । লগতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুৰিকাৰ্যত ব্যৱহৃত কেতবোৰ সামগ্ৰী । 

লগতে পঢ়ক:মহানগৰীত সোণাৰিৰ হাতত আৰক্ষীৰ খাৰু - Theft Incident In Guwahati

পানী যোগান আঁচনিৰ কৰ্মচাৰীক আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান - Theft at Hatigaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.