শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰত চুৰি - Theft Incident In Teok

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 2:58 PM IST

thumbnail
শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ (ETV BHARAT ASSAM)

টীয়ক, ১ জুলাই: যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ ৰাধাকৃষ্ণ মূৰ্তিত কৃষ্ণ মূৰ্তিৰ পৰা ৰূপৰ বাঁহীটো দেওবাৰে নিশা চুৰি হয় । লগতে চোৰে দানপাত্ৰৰ পৰা নগদ ধনো চুৰি কৰে । সোমবাৰে পুৱা পূজাৰীয়ে পূজা কৰিবলৈ মন্দিৰলৈ আহোতে কৃষ্ণৰ হাতত বাঁহীটো নেদেখি হতবাক হৈ ৰাইজক খবৰ দিয়ে । পিচত ৰাইজে মন্দিৰৰ পাচফালৰ দৰ্জা ভাঙি চোৰে মন্দিৰত প্ৰবেশ কৰি চুৰি কাৰ্য সংঘটিত কৰিছে সন্দেহ কৰে ।

ইপিনে, মন্দিৰৰ ভঁৰাল ঘৰত তলা ভঙাৰ লগতে নিচেই কাষতে মন্দিৰৰ ভিতৰত গাঞ্জা প্ৰত্যক্ষ কৰিছে ৰাইজে । ভাঙৰ ৰাগিতে হয়তো এনে দুঃসাহস কৰিছে বুলিও একাংশই মত প্ৰকাশ কৰিছে । ইয়াৰ পিচতেই ৰাইজে টীয়ক আৰক্ষী থানাত গোচৰ ৰুজু কৰে ।  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.