গছ বগৰাই ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া ৰোধৰ চেষ্টা নৈপৰীয়া ৰাইজৰ - Massive erosion in Nalbari

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 7:35 PM IST

thumbnail
প্ৰৱল খহনীয়া ৰোধৰ চেষ্টা (ETV BHARAT ASSAM)

নলবাৰী, ১৮ জুন: বিগত কেইবাদিনো ধৰি ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণত বৃদ্ধি পাইছে মহাবাহুৰ জলপৃষ্ঠ । ঠায়ে ঠায়ে খহিবলৈ ধৰিছে মথাউৰিকে ধৰি কৃষিভূমিৰ লগতে জনাঞ্চল । নলবাৰীতো বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত খহনীয়াই ভয়ংকৰ ৰূপ লৈছে । নলবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটি অঞ্চল যিকোনো মুহুৰ্ততে নৈৰ বুকুত জাহ যোৱাৰ শংকা বৃদ্ধি পাইছে । জিলাখনৰ গোৰক্ষাট্টাৰীত ভয়াবহভাৱে বৃদ্ধি হৈছে এই খহনীয়া ।  

মহাবাহুৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত খহিব ধৰিছে অঞ্চলটোৰ লোকসকলৰ ভূমি । নৈৰ পানী বৃদ্ধি হোৱাত যিকোনো সময়তেই বিপদৰ সন্মুখীন হ'ব পাৰে গোৰক্ষাট্টাৰীৰ ৬০০ টাৰো অধিক পৰিয়াল । ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজে মঙলবাৰে গছ বগৰাই খহনীয়া ৰোধৰ চেষ্টা চলাইছে । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ বিষয়াৰ লগতে জলসম্পদ বিভাগৰ বিষয়াই আজি উক্ত অঞ্চলত পৰিদৰ্শন কৰে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.