মৰাণত মেট্ৰিক পৰীক্ষাৰ্থী অন্তঃসত্বা হোৱাক লৈ চাঞ্চল্য - তিলৈজান চাহ বাগিচা
🎬 Watch Now: Feature Video
Published : Feb 16, 2024, 9:45 PM IST
মৰাণ, ১৬ ফেব্ৰুৱাৰী: আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । তেনে সময়তে মৰাণত সংঘটিত হৈছে অমানৱীয় কাণ্ড। মোমায়েকৰ কামনাৰ বলি হৈ মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হ'ল ছয় মাহৰ অন্তঃসত্বা ভাগিনীয়েক । ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈজান চাহ বাগিচাৰ বৰ লাইনত সংঘটিত হৈছে এই ঘটনাটো ।
ছাত্ৰী গৰাকী কিছু অসুস্থ হোৱাত কালি চিকিৎসালয়লৈ নিয়াৰ পাচতেই এই ঘটনা পোহৰলৈ অহাত তিলৈজান চাহ বাগিচাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাচতেই অভিযুক্তক গ্ৰেপ্তাৰ কৰে মৰাণ আৰক্ষীয়ে । আজি মেট্ৰিক পৰিক্ষাত অৱতীৰ্ণ হ'বলগা ভাগিনীয়েকৰ লগত এই ঘটনা সংঘটিত কৰা অভিযুক্তক উচিত শাস্তিৰ দাবী জনাই মৰাণ আৰক্ষী থানাত ভিৰ কৰে স্থানীয় লোক আৰু ছাত্ৰ সংগঠনে ।
লগতে পঢ়ক:পাণবজাৰ মহিলা আৰক্ষীৰ জিম্মাত নুনমাটিৰ পৰা সন্ধানহীন দুই ছাত্ৰী; গ্ৰেপ্তাৰ ৩