আৰক্ষীয়ে ধন দাবী কৰাক কেন্দ্ৰ কৰি অসম-বংগ সীমান্তত উত্তপ্ত পৰিস্থিতি - Policeman Demanding Money - POLICEMAN DEMANDING MONEY
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-07-2024/640-480-21933617-thumbnail-16x9-u.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jul 12, 2024, 5:35 PM IST
ধুবুৰী, 12 জুলাই: ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত উত্তপ্ত পৰিস্থিতি । অবৈধভাবে ধন বিচৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অভিযোগ অনুসৰি আলু ভৰ্তি বাহনৰ পৰা 50 টকাকৈ বিচাৰে বংগ আৰক্ষীয়ে আৰু ইয়াকে কেন্দ্ৰ কৰিয়েই বৃহস্পতিবাৰৰ নিশা অসম-বংগ সীমান্তৰ ছাগলীয়াত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ।
ধন দাবী কৰাৰ পাচতে অসমৰ চালকসকলে প্ৰায় 30 মিনিটৰ বাবে ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়ে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত । ঘটনাস্থলীত ছাগলীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, অসমৰ ট্ৰাক বংগত প্ৰৱেশ কৰিলেই প্ৰতিখন বাহনৰ পৰা বংগ আৰক্ষীয়ে সংগ্ৰহ কৰে 50-100 টকাকৈ ৷ এই কাৰ্যত অতিষ্ঠ হৈ টকা দিবলৈ অসমৰ চালক অমান্তি হোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সমস্যাটোৰ ক্ষেত্ৰত অসম চৰকাৰ তথা অসম আৰক্ষীক শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে ভুক্তভোগী চালকসকলে ৷