thumbnail

By ETV Bharat Entertainment Team

Published : Sep 5, 2024, 11:54 AM IST

ETV Bharat / Videos

চিনেমাৰ প্ৰদৰ্শনীৰ লাইচেন্স উকলি গ’ল : কিন্তু বিক্ৰী হৈয়ে আছিল টিকট - Mangaldoi gold cinema hall

দৰং, 5 ছেপ্টেম্বৰ : আপুনি মঙলদৈ গ'ল্ড চিনেমা হলত চিনেমা চাবলৈ আহে নেকি ? যদি আহে তেন্তে এতিয়াৰ পৰা আগতীয়াকৈ নিশ্চিত কৰিব চিনেমা চলিব নে নচলে । কিয়নো টিকট কটাৰ পিছতো নিশ্চয়তা নাথাকে চিনেমা চলাৰ ৷ হয় আপোনালোকে ঠিকেই শুনিছে ৷ এই ঘটনা ঘটিছে মঙলদৈৰ গ’ল্ড চিনেমা হলত ৷

বড়ো ভাষাৰ চিনেমা চাবলৈ আহি হতাশাত ভুগিবলগীয়া হ’ল দৰ্শক । থৈচাম 2 নামৰ বড়ো ভাষাৰ চিনেমা এখন মঙলদৈ গ'ল্ড চিনেমা হলত চলি আছিল । কিন্তু হলটোৰ মালিকে নাজানিছিল যে চিনেমাখনৰ প্ৰদৰ্শনীৰ লাইচেন্স উকলি গৈছে । চিনেমাহল কৰ্তৃপক্ষই টিকট ঠিকেই বিক্ৰী কৰি আছিল ৷ দৰ্শকে আহি হলত উপস্থিত হওতেহে লাগিল কেণা ৷ চিনেমা চলাবলৈ গৈহে কৰ্তৃপক্ষই গম পালে যে প্ৰদৰ্শনী বন্ধ ! লাগি গ’ল হুলস্থূল ৷ হলটোৰ ভিতৰতে শতাধিক দৰ্শকৰ লগত তৰ্ক-বিৰ্তক হয় কৰ্তৃপক্ষৰ ।

অৱশেষত মঙলদৈ থানাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু হল কৰ্তৃপক্ষই ৰাইজৰ আগত ক্ষমা খুজিবলগীয়া হয় । উল্লেখ্য যে, উক্ত ঘটনাৰ কিছু ঘন্টাৰ পিছত চিনেমা প্ৰচাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বড়ো ভাষাৰ চিনেমাখন দৰ্শকে চোৱাৰ ব্যৱস্থা কৰে কৰ্তৃপক্ষই ।

লগতে পঢ়ক : টিকটৰ লগতে অহা-যোৱা খৰচো কম নহয় বহুতৰ বাবে, তেনেকুৱাত যদি চিনেমাৰ শ্ব’ নচলে ! - Bidurbhai show at Gold Cinema

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.