মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে কমলপুৰত 10 হাজাৰ বন্তি প্ৰজ্বলন - Himanta Biswa Sarma

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:59 PM IST

বাইহাটা চাৰিআলি, 12 মাৰ্চ: বুধবাৰে কমলপুৰত বিশাল জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ পূৰ্বে কমলপুৰৰ বিহদিয়াত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা ৷ মুখ্যমন্ত্ৰীৰ আগমনক লৈ আনন্দৰ জোৱাৰ উঠিছে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজত ।  

উল্লেখ্য যে বিকাশ যাত্ৰাৰ অংশ হিচাবে বুধবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কমলপুৰত বহুকেইখন আঁচনিৰ শুভাৰম্ভৰ লগতে আধাৰশিলা স্থাপন কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ পৰিপ্ৰক্ষিতত ব্যাপক প্ৰস্তুতি অব্যাহত ৰখা হৈছে সমষ্টিটোত ৷ মঙলবাৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ নেতৃত্বত মুখ্যমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰাক সন্ধ্যা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্যৰ লগতে দীর্ঘায়ু কামনা কৰি প্ৰায় দহ হাজাৰ বন্তি প্ৰজ্বলন কৰা হয় ।

উল্লেখযোগ্য যে কাইলৈ দিনৰ তিনি বজাত কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়া ৰাসখলাত এখন বিশাল জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰায় ২৫০০০ লোক উপস্থিত থাকিব সভাখনত । উক্ত অনুষ্ঠানতে কেবাগৰাকীও কংগ্ৰেছ আৰু ‘আপ’ৰ কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি জানিবলৈ দিছে বিধায়ক দিগন্ত কলিতাই ৷ 

লগতে পঢ়ক: টিংৰাইত বিকাশ যাত্ৰাৰ ৮১ টা আঁচনিৰ শিলান্যাস-উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.