thumbnail

প্ৰাপ্যৰ দাবীত আমগুৰিত চাহ শ্ৰমিকৰ প্ৰতিবাদ - Tea workers protest in amguri

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 2:01 PM IST

আমগুৰি, 10 জুলাই: অসম চাহ মজদুৰ সংঘৰ উদ্যোগত বুধবাৰে ৰাজ্যজুৰি প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিকে গ্ৰহণ কৰিছে ধৰ্ণা কাৰ্যসূচী । শিৱসাগৰ জিলাৰ আমগুৰিৰ বাঘজান চাহ বাগিচাত অসম চাহ মজদুৰ সংঘয়ো গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । বাঘজান চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে তিনি শতাধিক চাহ শ্ৰমিকে । 

‘শ্ৰমিকক বঞ্চনা নকৰিব,’ ‘শ্ৰমিকক উপযুক্ত পৰিশ্ৰামিক দিয়ক,’ ‘চিকিৎসা সুবিধা প্ৰদান কৰক’ শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে । অসম চাহ মজদুৰ সংঘই বাগিচা কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰে তেওঁলোকক কৰি অহা বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । 

চাহ শ্ৰমিকসকলে পষেকীয়া, মাহেকীয়া দৰমহাৰ লগতে ৰেচম, চিকিৎসা সেৱা বছৰ বছৰ ধৰি অনিয়মিতভাৱে প্ৰদান কৰি অহাৰ লগতে ভৱিষ্যনিধি, গ্ৰেচুইটীৰ ধন শীঘ্ৰে মোকলাই দিয়াৰ দাবী তোলে প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা ৷ ইয়াৰ লগতে বাগিচাৰ শ্রম আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ অভিযোগ তুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠনটোৱে ।

লগতে পঢ়ক: চাহ কোম্পানীৰ শোষণৰ বলি চাহ শ্ৰমিক : নাহৰতলি চাহ বাগিচাত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA WORKERS PROTEST 

চাহ বাগিচাৰ পৰা লাভ কৰা সঁহাৰিয়ে লাভান্বিত কৰিব মিত্ৰজোঁটক: কেশৱ মহন্ত - Lok Sabha elections 2024

চাহ মজদুৰ সংঘৰ বিষয়ববীয়া নিৰ্বাচনত জালিয়াতি, সংবিধান উলংঘাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.