জখলাবন্ধাত সন্দেহজনক লোকক ঘৰ ভাৰাত দিয়াক লৈ উত্তপ্ত পৰিস্থিতি - suspected persons detained

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 10:33 AM IST

thumbnail
জখলাবন্ধাত সন্দেহজনক লোকক ঘৰ ভাড়াত দিয়াক লৈ উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

কলিয়াবৰ, ৩০ আগষ্ট : ৰাজ্যত এতিয়া চৌদিশে অৰাজক পৰিস্থিতি । তেনে সময়তে কলিয়াবৰৰ জখলাবন্ধাত বৃহস্পতিবাৰে নিশা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা । এচাম অসচেতন লোকৰ বাবেই এতিয়া সাধাৰণ ৰাইজ বিপদত পৰাৰ উপক্ৰম হৈছে ।

উত্তৰ প্ৰদেশৰ ১১ জন লোকে ভুৱা পৰিচয়-পত্ৰৰে ব্যৱসায়ৰ বাবে জখলাবন্ধাৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আশ্ৰয় লৈছিল । স্থানীয় ৰাইজৰ তৎপৰতাত পোহৰলৈ আহে ব্যক্তিকেইজনৰ প্ৰকৃত পৰিচয় । কিন্তু পৰিচয় পত্ৰত এজনৰো পৰিচয় সঠিকভাৱে পোৱা নগ’ল । ভুৱা আধাৰ কাৰ্ডেৰে তেওঁলোকে ঘৰ ভাৰাত লোৱাৰ অভিযোগ ।

স্থানীয় ৰাইজৰ সহযোগত নিশাতেই জখলাবন্ধা আৰক্ষীক চমজাই দিয়া হয় সন্দেহজনক লোকেইজনক । লোককেইজনে ডিটাৰজেণ্ট পাউদাৰ বিক্ৰীৰ বাবে আহিছিল বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :মিঞাগীতেৰে ভাবুকি অখ্যাত গায়কৰ: বাধ্যত পৰিহে কৰিলে ডিলিট - Controversial Song
লগতে পঢ়ক :অসমৰ পৰিৱেশ উত্তাল কৰা মূল মানুহজনেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা: সংখ্যালঘু সংগ্ৰাম পৰিষদ - miya row

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.