বকোত মৃতদেহ উদ্ধাৰ, মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ - পৰিকল্পিত হত্যাকাণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/640-480-20862625-thumbnail-16x9-dilli.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 28, 2024, 5:14 PM IST
বকো, 28 ফেব্ৰুৱাৰী : দক্ষিণ কামৰূপৰ ছয়গাঁও ঔগুৰিত খৰখৰী নদীত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উদ্ধাৰ হোৱা মৃতদেহটো ছয়গাঁও বিহদিয়াৰ মনোজ ঠাকুৰীয়াৰ বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকৰ সন্দেহ এয়া এক পৰিকল্পিত হত্যাকাণ্ড ।
ঘটনাৰ বিৱৰণী অনুসৰি, পেছাত এজন তামোলৰ বেপাৰী মনোজ ৷ মঙলবাৰে পুৱা ব্যৱসায়িক কামত তামোল কিনিবলৈ জাৰুৱাগাৱলৈ যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন । তাৰ পিচতে বুধবাৰে খৰখৰী নদীৰ পাৰত মটৰ চাইকেল আৰু জোতা উদ্ধাৰ হয় লোকজনৰ । আনহাতে, লোকজনৰ দেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰি স্থানীয় আৰু পৰিয়ালৰ লোকে কোনোবাই হত্যা কৰি পেলাই থোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।
সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: চেলেংহাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ