সৰুপথাৰত তিনি প্ৰসাদৰ সংগীতৰ প্ৰশিক্ষণ - Music Workshop

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:50 PM IST

thumbnail
সৰুপথাৰত তিনি প্ৰসাদৰ সংগীতৰ প্ৰশিক্ষণ (ETV Bharat Assam)

সৰুপথাৰ, ১২ জুলাই : সৰুপথাৰত অনুষ্ঠিত হৈছে বিধানসভা সমষ্টিভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা । ধনশিৰি মহকুমাৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

সমান্তৰালকৈ বৰ্ণ উচ্চাৰণৰ বৈজ্ঞানিক ধাৰণা সম্পৰ্কতো ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে ৷ অসমীয়া, ইংৰাজী বৰ্ণসমূহৰ উচ্চাৰণ সম্পৰ্কে ধাৰণা আগবঢ়াই প্ৰশিক্ষকে ৷ উদ্দেশ্য এটাই যে ছাত্ৰ-ছাত্ৰীসকলে যাতে সাংস্কৃতিক, কাৰিকৰী তথা অন্য দিশত কিছু জ্ঞান লাভ কৰিব পাৰে ৷ ৫ জুলাইৰ পৰা ১৫ জুলাইলৈকে অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ শিৱিৰ ৷

সাংস্কৃতিক দিশত জ্যোতি-বিষ্ণু-পাৰ্বতীৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এই শিৱিৰৰ আয়োজন কৰা হৈছে । তিনি প্ৰসাদৰ সংগীতৰ প্ৰশিক্ষণে ছাত্ৰ-ছাত্ৰীসকলক সংগীতৰ ধাৰাৰ সম্যক জ্ঞান দিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : অসম প্ৰকাশন পৰিষদৰ উদ্যোগত তিনিদিনীয়াকৈ সৃজনীশীল সাহিত্যৰ কৰ্মশালাৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.