thumbnail

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:55 PM IST

ETV Bharat / Videos

ম্যাদ উকলা নুডলছ খাই অসুস্থ চাৰিগৰাকী ছাত্ৰী - Food Poisoning in Dhemaji

ধেমাজি,৭ জুন: সাৱধান ! আপোনাৰ কণমানি সন্তানে দোকানৰ পৰা নুডলছ কিম্বা চিপছ খোৱাৰ পূৰ্বে ম্যাদ উকলিছে নে নাই সেয়া পৰীক্ষা কৰেনে ? যদি নকৰে তেতিয়াহ'লে এতিয়াৰ পৰা সাৱধান হওক ৷ কাৰণ ম্য়াদ উকলা নুডলছ কিম্বা চিপছ খোৱাৰ পিচতেই হ'ব পাৰে বিপদ । শুক্ৰবাৰে ধেমাজিত ম্যাদ উকলা এনে মুখৰোচক নুডলছ খোৱাৰ কিছুসময় পিচতেই অসুস্থ হৈ পৰিল চাৰিগৰাকী স্কুলীয়া ছাত্ৰী ।

ধেমাজিৰ পাঁচআলিৰ এখন দোকানৰ পৰা ক্ৰয় কৰা এনে ম্যাদ উকলা নুডলছ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছে চাৰিগৰাকী স্কুলীয়া ছাত্ৰী । ধেমাজি পাঁচআলি টঙনাপাৰা কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নত ছাত্ৰী কেইগৰাকীয়ে বিদ্যালয়ৰ প্ৰাতঃসভাত মূৰ ঘুৰাই অচেতন হৈ পৰি যোৱাত আটাইকেইগৰাকীকে ততাতৈয়াকৈ ১০৮ যোগে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ছাত্ৰী কেইগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে উল্লখ কৰিছে ৷ 

ধেমাজিত খাদ্য পৰিদৰ্শকে এনেবোৰ বিষয়ত গুৰুত্ব নিদিয়াৰ ফলতেই জিলাখনৰ গ্ৰামাঞ্চলত এনেধৰণৰ ম্যাদ উকলা খাদ্যই জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি একাংশ অভিভাৱকে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:ৰাজহুৱা অনুষ্ঠানৰ খিচিৰি খাই অসুস্থ শতাধিক, চিকিৎসালয়ত ভৰ্তি - Food Poisoning In Udaipur

খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন ৬ জনকৈ লোক - Food Poisoning

জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশুৰ মৃত্যু: অসুস্থ 50 তকৈ অধিক - Food Poisoning At Dakshin Kamrup

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.