ভোগদৈ নদীত গা ধুবলৈ গৈ অভিযান্ত্ৰিকৰ ছাত্রৰ মৃত্যু - Student drowns in Bhogdoi

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 9:44 PM IST

thumbnail

যোৰহাট, ২৫ মাৰ্চ: ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতেই সোমবাৰে যোৰহাটত ভোগদৈ নদীত গা ধুবলৈ গৈ অকাল মৃত্যুক আকোঁৱালি ল'লে এজন অভিযান্ত্ৰিক ছাত্রই ৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অষ্টম ষান্মাসিকৰ ছাত্র অৰ্ণৱ কল্লোল বৰাই সহপাঠী সৈতে ফাকুৱা খেলি বিয়লি ভাগত গা ধুবলৈ গড়মূৰস্থিত ভোগদৈ নদীৰ পাৰত উপস্থিত হৈছিল । কিন্তু সহপাঠীৰ সৈতে ভোগদৈ নদীত গা ধুই থকাৰ অৱস্থাতেই উটি যায় অৰ্ণৱ ৷

অৰ্ণৱ ভোগদৈ নদীত নিখোঁজ হৈ পৰা লগে লগে সহপাঠীসকলৰ মাজত হাহাকাৰ লাগে ৷ তেওঁলোকে লগে লগে যোৰহাট প্ৰশাসন বিভাগক এই বিষয়ে অৱগত কৰে । লগে লগে ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হয় আৰু নিখোঁজ ছাত্রজনক উদ্ধাৰ বাবে অভিযানত নামি পৰে । তিনি ঘন্টাজুৰি চলোৱা অভিযানৰ পাচত SDRF এ ছাত্রজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ইলেক্ট্ৰনিক বিভাগৰ অষ্টম ষান্মাসিকৰ ছাত্র অৰ্ণৱ কল্লোলৰ ঘৰ মাজুলীত ।

লগতে পঢ়ক: নিজ বাহনৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰা হ’ল যুৱ ব্যৱসায়ীক; তদন্ত আৰম্ভ - Youth found dead with throat slit

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.