মঙলদৈত নোৱা নৈত গা ধুবলৈ গৈ মৃত্যু যুৱকৰ - Students Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:35 PM IST

thumbnail
নোৱা নৈত গা ধুবলৈ গৈ ছাত্ৰৰ অকাল মৃত্যু (ETV Bharat Assam)

মঙলদৈ, 27 জুলাই : মঙলদৈ চহৰৰ নিকটৱৰ্তী নোৱা নৈত গা ধুবলৈ গৈ আজি এজন ছাত্ৰৰ অকাল মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ মৃত ছাত্ৰজন মঙলদৈ চহৰৰ 3 নং ৱাৰ্ডৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ বাসিন্দা বাবুল বসুমতাৰীৰ পুত্ৰ 18 বছৰীয়া চৈতন্য বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

চৈতন্যই আজি দুপৰীয়া বন্ধু কেইজনমানৰ সৈতে নোৱা নৈত গা ধুবলৈ পানীত নামিছিল ৷ কিন্তু নৈত গা ধুই থাকোঁতেই চৈতন্য পানীৰ সোঁতত নিৰুদ্দেশ হৈ পৰে ৷ চকুৰ সন্মুখতে লগৰ বন্ধু এজন নিখোজ হৈ পৰাত লগৰীয়া কেইজন কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰু তেওঁলোকে আৰক্ষীক খবৰ দিয়ে ৷

ঘটনাস্থলীত আৰক্ষীৰ লগতে SDRF উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ SDRF ৰ উদ্ধাৰ অভিযানত অৱশেষত চৈতন্যৰ নিথৰ দেহ উদ্ধাৰ হয় ৷ 

লগতে পঢ়ক : গ্ৰীষ্ম প্ৰৱাহে প্ৰাণ ল'লে এজনৰ - Man Dies Of Heatstroke

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.