আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - Tinsukia suicide news

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 2:26 PM IST

Updated : Aug 1, 2024, 2:48 PM IST

thumbnail
ছাত্ৰৰ ৰহস্যজনক মৃত্যু (ETV Bharat)

তিনিচুকীয়া, ১ আগষ্ট : তিনিচুকীয়া জিলাৰ লেখাপানীৰ উদয়পুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । ছেইণ্ট পল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । মৃত ছাত্ৰজন দশম শ্ৰেণীৰ গামৃণ মাকাত বুলি জানিব পৰা গৈছে ৷

স্থানীয় লোকে উল্লেখ কৰা মতে, মৃত ছাত্ৰজনৰ ঘৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কুমচাইত । কিন্তু ছাত্ৰজনে ছাত্ৰাবাসত থাকিয়ে পঢ়াশুনা কৰে ৷ বন্ধৰ পাচত আজিৰ পৰা বিদ্যালয় খোলাৰ বাবে বুধবাৰে ঘৰৰ পৰা হোষ্টেললৈ আহিছিল গামৃণ মাকা । কিন্তু অতি ৰহস্যজনকভাৱে বিদ্যালয়খনৰ আৱাসিক এলেকাৰ বাৰাণ্ডত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ ৷

অভিভাৱকৰ লগতে স্থানীয় ৰাইজে উল্লেখ কৰা মতে, উদ্ধাৰ হোৱা মৃত ছাত্ৰজনৰ হাত-ভৰি বন্ধা আছিল ৷ সেয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ডহে বুলি দাবী কৰিছে ৰাইজে ৷ গতিকে উক্ত ঘটনা দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৰাইজে ৷

বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ তাৰ পাচত মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় কামকাজ সম্পন্ন কৰে আৰক্ষীয়ে ৷

ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তজনাময় পৰিৱেশৰ ৷ ন্যায়ৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উপায়ন্তৰ হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক : ধুবুৰীৰ দুমৰদহ তৃতীয় খণ্ড গাঁৱত চাঞ্চল্য : ভিনিহিয়েকৰ অত্যাচাৰত খুলশালীয়েকৰ চৰম পন্থা গ্ৰহণ - Suicide Case in Dhubri

Last Updated : Aug 1, 2024, 2:48 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.